খেতিত তেওঁ পাকৈত আছিল, পিছে খেতি-বাতিৰ বাবে মাটিহে নাছিল। এসময়ত তেওঁলোকৰ পৰিয়ালৰ এটুকুৰা মাটি আছিল বুলি তেওঁ কয় যদিও বহু বছৰ আগতেই সেই মাটিও হেৰুৱাইছে। শিবু লাইয়াৰ বয়স এতিয়া প্ৰায় ষাঠি হ’বৰ হৈছে যদিও নাঙল ধৰিবলৈ তেওঁ পাহৰা নাই

ঝাৰখণ্ডৰ গোড্ডা জিলাৰ ন’নমাটি গাঁৱৰ কাহাৰ জাতিৰ আনবোৰ মানুহৰ দৰেই লাইয়াও এজন নিছলা শ্ৰমিক। অন্য বহু কাহাৰৰ দৰে কষ্টৰ মাজেৰে জীৱনটো পাৰ কৰিছে যদিও তেওঁ পিছে বেচ কামৰ মানুহ।

দুই দশক আগতে মই তেওঁলোকৰ ঘৰলৈ যাওঁতে তেওঁ কৈছিল: “মাটি নথকা মানেই আমাৰ খাবলৈ নথকা নহয়। আৰু সকলো বস্তু কিনিব পৰাকৈ আমাৰ পইচা নাই, সেয়ে ক’ৰবাত কিবা অলপ খেতি-খোলা কৰিবই লগা হয়।”

এতিয়া খেতিনো কৰিব ক’ত, মাটিতো নাই। সেয়ে ঘৰৰ সেই চালিখনেই তেওঁৰ খেতিপথাৰ। তাত তেওঁ লাও-কোমোৰা আদি লগায়। বৰ দূৰৰ পৰাই চকুত পৰিল যে চালিখন শীতল, সেউজীয়া আৰু ধুনীয়া। এয়া কোনো চহৰীয়া খেতিয়কে চাদৰ ওপৰত কৰা চৌখিন কাৰবাৰ নহয়। লাইয়া আৰু তেওঁৰ সম্প্ৰদায়ৰ মানুহবোৰৰ বহল চাদ থকা ঘৰ নাই। তথাপিও তেওঁ বৰ সুন্দৰকৈ বাৰীখন বনাইছে। ঠাইখিনি দীঘে ৬ পথালিয়ে ১০ ফুটতকৈ বেছি নহয়। হ’লেও সেই ওখ হেলনীয়া অকণমান ঠাইতে লাইয়াই খুব সৃষ্টিশীলতাৰে লতা জাতীয় আৰু সৰু কিছুমান পুলি লগাইছে। তলত কেতিয়াবা সামান্য পৰিমাণৰ মাটি বা মাটি নিদিয়াকৈয়েই খেতিখিনি কৰিছে বুলি ক’ব পাৰি।

অকল তেঁৱেই যে এয়া কৰিছে সেয়া নহয়। ন’নমাটি (নানমাটি বুলিও কয়)ৰ আৰু কেইবাজনো কাহাৰৰ ঘৰত এনেকুৱা কৰা আমি দেখিলো। আন বিভিন্ন ঠাইৰ ভূমিহীন দৰিদ্ৰ (বা যিবোৰৰ সামান্য মাটি আছে)ৰ মাজত ই প্ৰচলিত প্ৰথা। আন জিলাৰ দুখীয়া মানুহ থকা বস্তিবোৰতো এনেকৈয়ে শাক-পাচলি লগোৱা দেখা যায়। ২০০০ চনত ঝাৰখণ্ড ৰাজ্য হোৱাৰ আগতেই আমি ন’নমাটিলৈ গৈছিলোঁ। মোৰ বন্ধুসকলে কৈছিল যে চালিৰ ওপৰত এতিয়াও তেওঁলোকে এনেকৈ খেতি কৰে।

চাওতাল পৰগনা (ইয়াৰ উপ-গোটসমুহ বিহাৰ আৰু আন ঠাইৰ বাসিন্দা) এই কাহাৰ সম্প্ৰদায়টো আটাইতকৈ বেছি জাতিগত বিদ্বেষৰ বলি হৈছে। জাতিগত ভেদভাৱৰ কাৰণেই বহু বছৰ ধৰি এই পিচপৰা জাতিটোয়ে নিজকে অনুসূচিত জাতি হিচাপে তালিকাভূক্ত কৰিবলৈ দাবী জনাই আহিছে। ১৯৯০ চনৰ আগভাগত (সেই সময়ৰ উপায়ুক্তৰ তথ্য অনুযায়ী) এই উপ-গোটটোৰ জনসংখ্যা মাত্ৰ ১৫,০০০ জন মানহে। তেওঁলোকৰ বেছিভাগেই গোদ্দা বা বানকা আৰু ভগলপুৰ জিলাত থাকে (বিহাৰৰ অন্তৰ্গত)। সেই ক্ষুদ্ৰ সংখ্যাই ইয়াকে বুজায় যে নিৰ্বাচনী ৰাজনীতিত শক্তি হিচাপে তেওঁলোকৰ বিশেষ গুৰুত্ব নাই, সেয়ে তেওঁলোকৰ মতামতৰো গুৰুত্ব নাই। লাইয়াই বিশ্বাস কৰে যে সিহঁতৰ জাতিৰ মানুহ আন ক’ৰবাত হয়তো ভালকৈয়ে আছে, কিন্তু “ইয়াৰ পৰা কিবা লাভ আছে জানো?”

মই তালৈ যোৱাৰ পচিশ বছৰেই হ’ল যদিও আজিও তেওঁলোকে নিজকে অনুসূচিত জাতিত অন্তৰ্ভু্ক্ত কৰিবলৈ সক্ষম নহ’ল। অনুসূচিত জাতি বা জনজাতিৰ লোকসকলে যি সামান্য সুবিধা পায়, তেওঁলোকে সেয়াও নাপায়। তথাপি ইটো-সিটো কৰি কোনোমতে পেট প্ৰৱৰ্ত্তাই আছে। লাইয়াকেই চাওকচোন।

অনুবাদ: চিত্ৰাণী সোনোৱাল

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Chitrani Sonowal

A doctorate from North-Eastern Hill University (NEHU) of Shillong, Meghalaya, Chitrani Sonowal is an independent researcher. She can be reached at [email protected]

Other stories by Chitrani Sonowal