বেছি মজুৰিৰ আশাত পশ্চিমবংগৰ গাড়াং গাঁৱৰ ২৮ বছৰীয়া চিত্তৰঞ্জন ৰয়ে ২০১৫ চনত সুদূৰ কেৰালালৈ যাত্ৰা কৰিছিল। ৰাজ্যখনৰ বিভিন্ন স্থানত ৰাজমিস্ত্ৰীৰ কাম কৰি কিছু টকা সঞ্চয় কৰি লীজত লোৱা আঠ বিঘা মাটিত খেতি কৰিম বুলি ঘৰলৈ উভতিছিল। পূৰ্বে ঘৰৰ কৃষিভূমিত তেওঁ কাম কৰিছিল। এই নিজাকৈ আলুখেতি কৰি ভাগ্য অন্বেষণ কৰাৰ চেষ্টা কৰিছিল চিত্তৰঞ্জনে।

‘প্ৰথমবাৰৰ বাবে খেতি কৰা কাৰণে পৰিশ্ৰম অধিক হোৱাৰ লগতে বিনিয়োগ বেছি হৈছিল’, তেওঁৰ খুড়া প্ৰায় পঞ্চাশ বছৰীয়া উত্তম ৰয়ে কয়। ভাল ফচল হ’লে অধিক উপাৰ্জন হ’ব বুলি চিত্তৰঞ্জনে স্থানীয় সুদখোৰ মহাজন আৰু বেংকৰ পৰা উচ্চ হাৰত প্ৰায় পাঁচ লাখ টকা ঋণ লয় বুলি উত্তমে কয়। ২০১৭ত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মাটিডৰাত পানী জমা হয়। শস্য নষ্ট হয়। ইমান লোকচানৰ বোজা বব নোৱাৰি সেই বছৰ ৩১ জুলাইৰ দিনা চিত্তৰঞ্জনে নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে।

জলপাইগুৰী জিলাৰ ধুপগুৰী উন্নয়ন খণ্ডৰ একেখন গাঁৱৰ কৃষক চিন্তামোহন ৰয়ে কয়, “তেওঁৰ অভিভাৱকে তেওঁৰ বিয়া পতাৰ বাবে ইচ্ছুক আছিল”। চিন্তামোহনে নিজ গাঁৱত পাঁচ বিঘা মাটিত আলু, ধান আৰু মৰাপাটৰ খেতি কৰে। “যিহেতু তেওঁ ঋণৰ বাবে যোগ্য নাছিল তেওঁৰ হৈ পিতৃয়ে ঋণ লৈছিল”। এতিয়া পুত্ৰৰ মৃত্যুৰ পিছত পিতৃ সমস্যাত পৰাৰ লগতে মাতৃ ৰুগীয়া হৈ পৰিছে।

চিন্তামোহনে সম্প্ৰতি নিজ পৰিয়ালতো আত্মহত্যাৰ ঘটনা দেখিছে। “মোৰ ভাই এজন সাধাৰণ মানুহ। ঋণৰ বোজা সহ্য কৰিব নোৱাৰি ২০১৯ চনৰ ২৩ জুনত তেওঁ কীটনাশক সেৱন কৰি আত্মহত্যা কৰে”। একাৱন্ন বছৰীয়া গংগাধৰ আছিল তেওঁৰ ভাই।

“তেওঁ নিজৰ পাঁচ বিঘা মাটিত আলুখেতি কৰিছিল”, ৫৪ বছৰীয়া চিন্তামোহনে কয়। “তেওঁ বেংক, সুদখোৰ মহাজন আনকি বিক্ৰেতাৰ পৰাও ঋণ লৈছিল। বিগত কেইটামান বছৰ ধাৰাবাহিকভাৱে লোকচান ভৰাৰ পিছৰ পৰিস্থিতিত তেওঁ নিজকে চম্ভালিব নোৱাৰিলে…”

গাংগাধৰৰ গাঁৱত তেওঁৰ বেছিভাগ মাটি সুদখোৰ মহাজনৰ ওচৰত বন্ধকীত আছে। তেওঁৰ মুঠ ধাৰৰ পৰিমাণ প্ৰায় পাঁচ লাখ আছিল। তেওঁৰ পত্নী গৃহিণী। তেওঁৰ তিনিগৰাকী ছোৱালী আছে, তাৰে ডাঙৰ গৰাকী কলেজত পঢ়ি আছে। “আমি ভাই আৰু গংগাধৰৰ সম্বন্ধীয়সকলে কিবা প্ৰকাৰে পৰিয়ালটোক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছো”, চিন্তামোহনে কয়।

Uttam Roy at the rally
PHOTO • Smita Khator
Chintamohan Roy at the rally
PHOTO • Smita Khator

বাওঁফালে: ২০১৭ চনত চিপ লোৱা উত্তম ৰয়ৰ ভতিজা, সোঁফালে: কীটনাশক সেৱন কৰি ২০১৯ চনত আত্মহত্যা কৰা চিন্তামোহনৰ ভ্ৰাতৃ। দুয়ো আলু খেতিয়ক আছিল

কলকাতাৰ ৰাণী ৰছমনি পথত ৩১ আগষ্টত নিখিল ভাৰত কৃষক সভা আৰু নিখিল ভাৰত কৃষিশ্ৰমিক সংঘই আয়োজন কৰা এক সমাৱেশত মই চিন্তামোহন আৰু উত্তমক লগ পাইছিলো। কৃষি সংকটত পৰি পৰিয়ালৰ লোকে আত্মহত্যা কৰা দেখা ৪৩ জন লোকৰ ভিতৰত তেওঁলোকো আছে। তেওঁলোক মুলত জলপাইগুৰী, মালদাহ, পূৰ্ব মেদিনীপুৰ, পশ্চিম মেদিনীপুৰ, পূৰ্ব বৰ্ধমান আৰু পশ্চিম বৰ্ধমান জিলাৰ পৰা আহিছিল। সমাৱেশত প্ৰায় বিশ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল।

আত্মহত্যা কৰা কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া, মজুৰি পুনঃনিৰ্ধাৰণ কৰা, নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা, কৃষি-পেঞ্চনৰ ব্যৱস্থা কৰা আছিল তেওঁলোকৰ মূল দাবী।

সমাৱেশৰ দুদিন পূৰ্বে অনুষ্ঠিত কৰা সাংবাদিক সন্মিলনত নিখিল ভাৰত কৃষক সভাই নিজাববীয়াকৈ চলোৱা অনুসন্ধান অনুসৰি ২০১১ চনৰ পিছত পশ্চিমবংগত ২১৭ জন কৃষকে আত্মহত্যা কৰিছে। ইয়াৰে বেছিভাগেই আলুৰ খেতিয়ক। বিজনেচ ষ্টেণ্ডাৰ্দত ২০১৫ত প্ৰকাশিত এক প্ৰতিবেদনতো পশ্চিমবংগত আলুৰ খেতিয়কৰ আত্মহত্যাৰ তথ্য প্ৰকাশ পাইছে। অনুযায়ী কিন্তু বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰি আহিছে যে পশ্চিমবংগত কোনো কৃষকে আত্মহত্যা কৰা নাই। ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰো (এন.বি.চি.) ২০১৫ চনৰ পিছত আত্মহত্যাৰ তথ্য সংগ্ৰহ কৰা বন্ধ কৰাৰ পূৰ্বে ২০১১ চনৰ পৰাই পশ্চিমবংগই এই তথ্য ব্যুৰোক প্ৰদান কৰা বন্ধ কৰিছে।

কিন্তু ৩১ আগষ্টৰ সমাৱেশে এটা কথা স্পষ্ট কৰিলে যে বেয়া উৎপাদন, বজাৰমূল্য হ্ৰাস আদি বিভিন্ন কাৰণত পশ্চিমবংগৰ আলু খেতিয়কসকল গভীৰ সমস্যাৰ মাজত আছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ উদ্যানশস্য পৰিসংখ্যা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৩-১৪ৰ পৰা ২০১৭-১৮ এই পাঁচ বছৰত পশ্চিমবংগত ১০.৬ নিযুত টন আলু উৎপাদন হৈছে। যিটো দেশৰ মূঠ উৎপাদিত আলুৰ প্ৰায় ২৩ শতাংশ। ইফালে ২০১৮-১৯ বৰ্ষত ১২.৭৮ নিযুত টন আলু উৎপাদন হৈছে। যিটো দেশৰ উৎপাদনৰ ২৪.৩১ শতাংশ। ইয়াৰ অৰ্ধেক অন্য ৰাজ্যত বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয় (অৰ্ধেক ৰাজ্যৰ ভিতৰতে সেৱন কৰা হয়)। কেতিয়াবা চাহিদাতকৈও উৎপাদন অধিক হয়।

পশ্চিমবংগৰ কৃষি বিপণন বিভাগে ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এটি অধিসূচনাত কোৱা হয়, ৰাজ্যখনৰ লগতে আন আন আলু উৎপাদনকাৰী ৰাজ্যত অভূতপূৰ্ব হাৰত আলু উৎপাদন হোৱাৰ ফলত বজাৰত আলু ভৰি পৰিছে। যাৰ ফলত কৃষকসকলে লাভ কৰা মূল্য বহু পৰিমাণে হ্ৰাস পাইছে। আনকি বহু সময়ত উৎপাদন মূল্যতকৈও কম দাম লাভ কৰা দেখা গৈছে। মাৰ্চ মাহত নতুন আলু চপোৱাৰ পিছত আৰু মূল্য হ্ৰাস হোৱাত খেতিয়কৰ দুৰ্দশা বৃদ্ধি হয়।

PHOTO • Smita Khator

কলকাতাৰ ৰাণী ৰছমনি পথত ৩১ আগষ্টত অনুষ্ঠিত হোৱা সমাৱেশত আৰু দুটা দাবী সম্বলিত পোষ্টাৰ দেখা গৈছিল, ‘আত্মহত্যা কৰা কৃষকৰ পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰণ প্ৰদান কৰক, আৰু ‘আমি গাঁৱত ২০০ দিনৰ কাম বিচাৰো’। য’ত তেওঁলোকে ৩৭৫ টকা ন্যূনতম মজুৰি দাবী কৰিছে

এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ একেখন অধিসূচনাতে ৰাজ্য চৰকাৰে কৃষকৰ পৰা প্ৰত্যক্ষভাৱে আলু ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল। য’ত প্ৰতি কুইণ্টল আলুৰ দাম ৫৫০ টকা নিৰ্ধাৰণ কৰা হৈছিল। এই মূল্য কেৱল শীতাগাৰত ৰাখিবৰ বাবে উপযোগী আলুৰ বাবে প্ৰযোজ্য বুলি কোৱা হয় আৰু এই নিৰ্দেশনা এক মাৰ্চৰ পৰা কাৰ্য্যকৰী কৰা হয়।

কিন্তু ইমান পৰিমাণৰ আলু সংৰক্ষণ কৰিবলৈ পশ্চিমবংগত পৰ্যাপ্ত সংখ্যক শীতাগাৰ নাই। ৰাষ্ট্ৰীয় উদ্যানশস্য বৰ্ডে প্ৰকাশ কৰা তথ্য মতে ২০১৭ চনৰ ডিচেম্বৰ মাহলৈ ৰাজ্যখনত ৫.৯ মেট্ৰিক টন খাদ্যবস্তু (সকলো ধৰণৰ) ৰাখিব পৰাকৈ শীতাগাৰ আছিল। কিন্তু ২০১৭-১৮ বৰ্ষত ৰাজ্যখনত উৎপাদিত আলুৰ পৰিমাণ আছিল ১২.৭ নিযুত টন।

“যেতিয়া মাৰ্চ মাহত আলু চপোৱা হৈছিল, ব্যক্তিয়ে প্ৰতি কিমান পৰিমাণৰ আলু জমা থ’ব পৰা যাব, ক’ল্ড চেইনৰ বিজ্ঞাপন ওলাইছিল,” চিন্তামোহনে  কয়। “আমি আগতীয়াকৈ পইচা আদায় দিব লাগে। বজাৰত দাম বাঢ়ি গ’লে আলুখিনি বিক্ৰী কৰোঁ। বাকীখিনি আলু পথাৰতে পচি যায়।”

যোৱা বছৰকেইটাতো খেতিয়কসকলে একেই পৰিস্থিতিৰ সন্মুখীন হৈছে, কলকাতাৰ ৰেলীত এজনে এতিয়াও পৰিয়ালৰ সদস্য এজনৰ আত্মহত্যাৰ কথা পাহৰিব পৰা নাই, তেওঁ কয়, “মোৰ স্বামীয়ে (দিলীপ) প্ৰতি বস্তাত মাত্ৰ ২০০ টকাকৈ পাইছিল (সেই বছৰ, ২০১৫ত উৎপাদন ব্যয় আছিল প্ৰতি কুইণ্টলত ৫৫০-৫৯০ টকা)। তেওঁ আলু খেতি কৰিবলৈ তিনি একৰ মাটি লীজত লৈছিল,” পশ্চিম মেদিনীপুৰৰ গাৰভেটা ১ ব্লকৰ আমকোপা গাঁৱৰ জ্যোৎস্না মণ্ডলে কয়। “তেওঁৰ আন ধাৰো আছিল। সুদখোৰ, মাটিৰ মালিক, বিদ্যুৎ বিভাগ আৰু বেংকৰ পৰা বৰকৈ হেঁচা পৰিছিল। ২০১৫ৰ ৪ এপ্ৰিলৰ দিনা সুদখোৰজনে তেওঁক উপলুঙা কৰিছিল। খেতিৰ আলু মজুত কৰা জুপুৰিটোতে তেওঁ চিপজৰী লৈছিল।”

Jyotsna Mondal at the rally
PHOTO • Smita Khator
Family members of farmers and farm labourers that committed suicide at the rally
PHOTO • Smita Khator

বাওঁফালে: ২০১৫ত জ্যোৎস্না মণ্ডলৰ স্বামীয়ে ঘৰৰ খেতিৰ আলু মজুত কৰা জুপুৰিটোত চিপজৰী লয়। সোঁফালে: পশ্চিমবংগত আত্মহত্যা কৰা কৃষক আৰু কৃষিশ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকল

বীজৰ দামো বাঢ়িছে, চিন্তামোহনে কয়। “যোৱা দুটা বছৰে আমি প্ৰতি কিলোগ্ৰামত ৫০ টকাকৈ বীজ কিনিছো। আগতে আমি সেয়া ৩৫ টকা প্ৰতি কিলো দৰত পাইছিলো। চৰকাৰে এইবোৰ বিষয়ত মুৰ নঘমায়, বিশেষকৈ আমাৰ অঞ্চলত।”

‘ন্যূনতম আহৰণ মূল্য’ ঘোষণা কৰা স্বত্ত্বেও “এটাও আলু পথাৰৰ পৰা বজাৰলৈ যোৱা নাছিল,”  চিন্তামোহনে  কয়। তেওঁ অনুমান কৰে, “এইবছৰো একো পাৰ্থক্য দেখা নাযাব, আমি বৃহৎ লোকচান ভৰিম। খেতিয়ক কিম্বা বেপাৰী কোনেও লাভৰ মুখ নেদেখিব।”

কিন্তু উদ্বৃত্ত উৎপাদনৰ ৰিস্ক থকা এনে পৰিস্থিতিত আলুৰ খেতি কিয় কৰিব লাগে? উত্তৰত তেওঁ কয়, “মই ধান আৰু মৰাপাটৰো খেতি কৰো। মৰাপাট বেলেগ ধৰণৰ শস্য, বহুত শ্ৰমৰ প্ৰয়োজন; আলুৰ খেতিত সেই তুলনাত কম কষ্ট হয় আৰু এবাৰ ৰোৱাৰ পিছত টিকিও থাকে, মাত্ৰ সপ্তাহত দুবাৰ কীটনাশক ছটিয়াব লাগে আৰু জলসিঞ্চনৰ সামান্য ব্যৱস্থা কৰাব লাগে, খেতি হৈ যায়।”

কলকাতাৰ ৰেলীত বহুতেই এই বিষয়ে কৈছিল আৰু একেধৰণৰ আন কিছুমান সাদৃশ্য থকা সমস্যাৰো কথা কৈছিল। তেনে কাৰো মৃত্যু খেতিৰ সংকটৰ কাৰণে হোৱা বুলি চিনাক্ত কৰা হোৱা নাই। কোনেও বিধৱা পেঞ্চন পোৱা নাই। আত্মহত্যা প্ৰমাণ কৰিবলৈ বহুতে কাগজ-পাতি উলিয়াওতেই হাইৰান হৈছে। কোনেও শস্যবীমাৰ ধনৰাশিও পোৱা নাই।

“চৰকাৰৰ পৰা এটা ফুটা কড়িও নাপালো, আনকি মোৰ স্বামীৰ মৃত্যুক তেওঁলোক আত্মহত্যা বুলিও মানি নলয়!” জ্যোৎস্নাই কয়, “বিধৱা পেঞ্চনো মই পোৱা নাই। মোৰ স্বামীৰ কৃষি ঋণ এতিয়াও ৰেহাই দিয়া হোৱা নাই। মই তেওঁৰ ঋণ পৰিশোধ কৰি আছো। সিহঁত(ঋণদাতা)ৰ ঋণ পৰিশোধ কৰিবলৈ মই বন্ধন বেংকৰ পৰা ঋণ (৮০,০০০ টকাৰ) ল’বলগীয়া হৈছে। প্ৰতি সপ্তাহত মই ১,০০০ টকাকৈ দিওঁ,” কথাখিনি কৈ তেওঁ কান্দোনত ভাগি পৰিল। “আমাৰ কোনো নাই। আমাৰ দৰে মানুহ কেনেকৈ চলি আছে এবাৰ চাই যাব। মোৰ ল’ৰা (সৰুজন) আৰু মই পথাৰত পুৱা ৮ বজাৰ পৰা আবেলি ৩ বজালৈ কাম কৰি ১৫০ টকা পাওঁ। সেই সামান্য মজুৰিৰে কেনেকৈ সেই ঋণবোৰ পৰিশোধ কৰিম?”

প্ৰচ্ছদ আলোকচিত্ৰ: শ্যামল মজুমদাৰ

অনুবাদ: আব্দুৰ ৰছিদ চৌধুৰী

Smita Khator

Smita Khator is the Chief Translations Editor, PARIBhasha, the Indian languages programme of People's Archive of Rural India, (PARI). Translation, language and archives have been her areas of work. She writes on women's issues and labour.

Other stories by Smita Khator
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Abdur Rashid Choudhury

Abdur Rashid Chowdhury is a teacher by profession, a sports writer and a translator. He has previously worked in various Assamese daily newspapers for a decade.

Other stories by Abdur Rashid Choudhury