শুকান, জৰ্জৰ মালভূমিখনৰ মাজত থকা দৰগাহটিয়ে মালগাওঁৰ ৰাইজলৈ মনৰ শান্তি আনে। মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ এই উপাসনাস্থল বহু পুৰণি, বহুযুগ ধৰি এই দৰগাহ দুৰ কৰে পথৰ ক্লান্তি। ভাগৰুৱা আৰু দুখ-শোকত জৰ্জৰিতজনৰ আশ্ৰয় এই দৰগাহ।

দৰগাহৰ গাতে লাগি থকা গছৰ ছাঁত স্কুলীয়া ল’ৰা-ছোৱালীয়ে গৃহকৰ্ম কৰে। ডেকা ল’ৰা-ছোৱালীয়ে দৰগাহৰ দুৱাৰমুখতে বহি প্ৰতিযোগীতামূলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। গৰমৰ দিনত সেইটুকুৰা ঠাইতেই শীতল বতাহ বলি থাকে। কাষতে থকা মুকলি ঠাইখিনিত আৰক্ষীৰ চাকৰিপ্ৰাৰ্থীয়ে বিভিন্ন শাৰীৰিক কচৰত কৰে।

“আনকি আমাৰ ককাদেউতাৰ মুখতো ইয়াৰ (দৰগাহৰ) কথা শুনিছো,” গাওঁখনত ১৫ একৰৰো অধিক মাটি থকা কৃষক বিনায়ক যাদৱে (৭৬) কয়। “ভাবকচোন, সেয়া কিমান প্ৰাচীন এই দৰগাহৰ ইতিহাস। হিন্দু আৰু মুছলমানে মিলি ইয়াৰ চোৱাচিতা কৰে। এয়া শান্তিপূৰ্ণ সহবাসৰ এক প্ৰতীক।”

২০২৩ৰ ছেপ্টেম্বৰত কথাবোৰ সলনি হ’ল। মালগাঁৱৰ তীৰ্থভূমিয়ে নতুন অৰ্থ লাভ কৰিলে - ডেকাল’ৰা কিছুমানে হৈ-হাল্লা লগালে যে সেই ভূমি বেদখল কৰি দৰগাহ বনোৱা হৈছে। তেওঁলোকক এই উত্তেজনামূলক পৰিৱেশ সৃষ্টিত ইন্ধন যোগাইছিল হিন্দুত্ববাদী গোট কিছুমানে।

মালগাঁৱৰ ২০ৰ পৰা ২৫ বছৰ বয়সৰ এই হিন্দু নিবাসীকেইজনে জিলা প্ৰশাসনলৈ “বেদখল”ত থকা দৰগাহটো ভাঙি পেলাবলৈ দাবী জনাই চিঠি লিখে। কিছুমানে তাৰ কাষতে থকা পানীৰ টেংকটো ইতিমধ্যে ভাঙি পেলাইছিল। “মুছলমান সম্প্ৰদায়ৰ লোকে তাৰে ৰাজহুৱা মাটিখিনি দখল কৰাৰ পাং পাতিছে,” তেওঁলোকৰ চিঠিখনত এনেকৈ লিখা আছিল। “উপাসনাস্থলীখন গাওঁ পঞ্চায়তৰ অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছে।”

PHOTO • Parth M.N.

মালগাঁৱৰ উপাসনাস্থলত গান্ধী টুপি পিন্ধি বন্ধুবৰ্গৰ সৈতে বিনায়ক যাদৱ। মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ এই দৰগাহটো শতিকাজুৰি তাত আছে

কিন্তু উপসনাস্থলীখন ভাঙি পেলোৱাৰ কথা যেতিয়া আহি পৰিল, গাওঁবাসীয়ে যিটো উচিত সেই পক্ষত থিয় দিলে। “উপাসনাস্থলীৰ উল্লেখ আনকি ১৯১৮ৰ মানচিত্ৰতো আছে,” যাদৱে উৱলি যোৱা মেপ এখন আমাৰ আগত উলিয়াই দেখুৱায়। “গাওঁখনত স্বাধীনতাৰ আগৰেপৰা ভালেমান ধৰ্মীয় স্থান আছে। আমি সেই আটাইবোৰ সংৰক্ষণ কৰি ৰাখিব বিচাৰো। আমাৰ সতি-সন্তানে এক শান্তিপূৰ্ণ পৰিৱেশত ডাঙৰ হওঁক, আমি সেয়াই বিচাৰো।”

তেওঁ কয়, “ধৰ্মা-ধৰ্মা মাধে ভণ্ডন লাউন আপন পুঢ়ে নহি, মাগে জানাৰ ((ধৰ্মৰ নামত বিভাজনে আমাক কেৱল পিছুৱাই লৈ যাব।)”

হিন্দুত্ববাদীয়ে দৰগাহটো ভাঙি পেলোৱাৰ দাবী জনোৱাৰ পিছতে দুয়োটা সম্প্ৰদায়ৰে জ্যেষ্ঠ লোকসকল একগোট হৈ সেই দাবীৰ বিৰুদ্ধে চিঠি লিখিলে। চিঠিখনত কোৱা হ’ল যে সেই দাবীসম্বলিত চিঠিখনে গৰিষ্ঠসংখ্যকৰ মতামতক প্ৰতিনিধিত্ব নকৰে। হিন্দু-মুছলমান মিলি দুশ লোকে এই চিঠিখনত স্বাক্ষৰ কৰিলে, উপাসনাস্থলীখন বচাবলৈ - অৱশ্যে এতিয়াৰ বাবে।

তাতোকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে বহু কষ্টেৰে উপাৰ্জিত এই শান্তি অটুত ৰখাটো।

*****

মালগাওঁ এক বিৰল উদাহৰণ য’ত গাঁৱৰ মানুহে বিভেদকামী শক্তিৰ বিৰুদ্ধে থিয় দিছে আৰু মুছলমান সম্প্ৰদায়ৰ এক সৌধৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে।

যোৱা ডেৰ বছৰত মহাৰাষ্ট্ৰৰ মুছলমান লোকৰ উপাসনাস্থলীসমূহৰ ওপৰত আক্ৰমণ বাঢ়িছে আৰু  প্ৰায়ে আৰক্ষীৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ নকৰাত আৰু সাধাৰণ জনতাই নীৰৱতা অৱলম্বন কৰাত তেনে দুষ্কৃতিকাৰী পলাই সাৰিছে।

২০১৯ৰ ৰাজ্যিক নিৰ্বাচনৰ ডেৰটা বছৰ পিছত ভাৰতৰ আটাইতকৈ ধনী ৰাজ্যকন তিনিটা ৰাজনৈতিক দলৰ মিত্ৰজোঁটৰ চৰকাৰে চলাইছিল - শিৱসেনা, কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেচ পাৰ্টি। উদ্ধৱ ঠাকৰে আছিল মুখ্যমন্ত্ৰী।

কিন্তু ২০২২ৰ জুনত মহাৰাষ্ট্ৰত শক্তিৰ পৰিৱৰ্তন ঘটে। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে শিৱসেনাৰ ৪০ গৰাকী বিধায়কক দল বদলি কৰি আনি মিত্ৰজোঁটৰ চৰকাৰ ভাঙি পেলায় আৰু নিজে ক্ষমতালৈ আহে। তেতিয়াৰে পৰা ৰাজ্যৰ ইটো-সিটো হিন্দুত্ববাদী গোট লগ লাগি ৰাজ্যখনত মেল-মিটিং পাতে আৰু মুছলমানসকলক খেদি পঠিওৱাৰ, তেওঁলোকক অৰ্থনৈতিকভাৱে এঘৰীয়া কৰাৰ আৰু খেদি পঠিওৱাৰ বাবে আহ্বান জনাবলৈ ধৰে। স্পষ্টকৈ এযা ৰাজ্যখনৰ আবহাৱা সলনি কৰাৰ এক পৰিকল্পিত চেষ্টা আৰু মুছলমানৰ উপাসনাস্থলীবোৰৰ ওপৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ এটা অংশ।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

বাওঁফালে: দৰগাহৰ গাতে লাগি থকা গছডালৰ ছাঁত স্কুলীয়া ল’ৰা-ছোৱালীয়ে গৃহকৰ্ম কৰিছে। দুৱাৰমুখতে বহি ডেকা ল’ৰা-ছোৱালীয়ে প্ৰতিযোগীতামূলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। সোঁফালে: যাদৱে দৰগাহলৈ স্কুটি চলাই গৈছে। ‘স্বাধীনতাৰ আগৰে পৰা এই ঠাইত বহু উপাসনাস্থলী আছে। আমি সেই আটাইবোৰ সংৰক্ষিত কৰি ৰাখিব বিচাৰো,’ তেওঁ কয়

সাতাৰাৰ এগৰাকী সমাজকৰ্মী মিনাজ ছৈয়দে কয় যে ধৰ্মীয় মেৰুকৰণৰ প্ৰচেষ্টা বহুবছৰ ধৰি চলি আছে, কিন্তু ২০২২ৰ পৰা এনে কাৰ্যকলাপ বাঢ়িছে। “গাঁৱৰ হিন্দু-মুছলমান সকলোৱে লগ লাগি সুৰক্ষা দিয়া দৰগাহ বা সৌধবোৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে,” তেওঁ কয়। “আচল লক্ষ্য হৈছে বহুত্ববাদী এই ঐক্য-সংস্কৃতি বিনষ্ট কৰা।”

২০২৩ৰ ফেব্ৰুৱাৰীত উগ্ৰ হিন্দুত্ববাদী সংগঠনে ক’লহাপুৰৰ বিশালগড় চহৰৰ হজৰত পীৰ মালিক ৰেহান শ্বাহৰ দৰগাহত ৰকেট প্ৰক্ষেপ কৰিছিল। আৰক্ষীৰ উপস্থিতিতে ঘটনাটো সংঘটিত হৈছিল।

২০২৩ৰ ছেপ্টেম্বৰত হিন্দু একতা নামে বিজেপিৰ বিক্ৰম প্ৰভাকৰৰ নেতৃত্বত থকা চৰমপন্থী সংগঠনটোৱে সাতাৰাৰ পুচেছাৱলিৰ মছজিদ এটাত মাৰাত্মক আক্ৰমণ চলায়। ইন্ধন যোগাইছিল ৱাটচআপত ভাইৰেল হোৱা কেতবোৰ স্ক্ৰণশ্বট, যাৰ সত্যতাৰ কোনো নিশ্চয়তা নাই। প্ৰায় ১০-১২ গৰাকী মুছলমানে সেই সময়ত মছজিদৰ ভিতৰত নামাজ আদায় কৰি আছিল। তেওঁলোকক টাইলচ্, লাঠি আৰু লোৰ ৰডেৰে আক্ৰমণ কৰে চৰমপন্থী হিন্দুৱে। এই আক্ৰমণত এজনৰ মৃত্যু হয়। পঢ়ক: পুছেছাৱলীৰ জীৱন কাঢ়ি নিয়া স্ক্ৰীণশ্বট

২০২৩ৰ ডিচেম্বৰত সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে কাম কৰা ‘সালোখা সম্পৰ্ক গট’য়ে প্ৰকাশ কৰা পুস্তিকাখনত মুছলমানসকলৰ উপাসনাস্থলত আক্ৰমণৰ ১৩ টা ঘটনা নথিবদ্ধ কৰিছে, তাকো এখনমাত্ৰ জিলা সাতাৰাত। আক্ৰমণ হৈছিল বিভিন্ন প্ৰকাৰে - কেতিয়াবা সমাধিক্ষেত্র ভাঙি, কেতিয়াবা মছজিদত গেৰুৱা পতাকা লগাই সাম্প্ৰদায়িক বৈষম্যৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰি।

এটা বছৰতে, ২০২২ত মহাৰাষ্ট্ৰত ৮,২১৮ টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা ঘটিছে আৰু ইয়ে ৯,৫০০ নাগৰিকক ক্ষতিগ্ৰস্ত কৰিছে - পুস্তিকাত উল্লেখ। গড় হিচাপ কৰিলে এই এটা বছৰত প্ৰতি ২৩ দিনৰ মূৰে মূৰে সাম্প্ৰদায়িক হিংসাৰ ঘটনা ঘটিছে, যিটো অভাৱনীয়।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

বাওঁফালে: সালোখা সম্পৰ্ক গট-য়ে প্ৰকাশ কৰা পুস্তিকা এখনত মুছলমানসকলৰ উপাসনাস্থলত আক্ৰমণৰ ১৩ টা ঘটনা নথিবদ্ধ কৰা হৈছে, তাকো এখনমাত্ৰ জিলা সাতাৰাত। পুস্তিকা অনুযায়ী এটা বছৰতে, ২০২২ত মহাৰাষ্ট্ৰত ৮,২১৮ টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা ঘটিছে আৰু ইয়ে ৯,৫০০ নাগৰিকক ক্ষতিগ্ৰস্ত কৰিছে। সোঁফালে: হিন্দু-মুছলমানে মিলি সুৰক্ষা দিয়া দৰগাহটো সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক নিদৰ্শন

২০২৩ৰ জুন মাহত পুৱাৰ ভাগত সাতাৰাৰ কোণ্ডৱে গাঁৱৰ মছজিদটোলৈ ৫৩ বৰ্ষীয় ছামচুদ্দিন ছৈয়দে আহি যি দেখিলে তেওঁৰ বুকুখন চিৰিংকৈ কঁপি উঠিল। মছজিদৰ গম্বুজৰ ওপৰত বতাহত উৰি আছে এখন গেৰুৱা পতাকা, তাত ক’লা আখৰেৰে লিখা আছে ‘জয় শ্ৰী ৰাম।’ সন্ত্ৰস্ত হৈ ছৈয়দে ততালিকে পুলিচক ফোন কৰি পৰিস্থিতি নিযন্ত্ৰণৰ বাবে অনুৰোধ জনালে। কিন্তু সেই ঠেক গলিটোত পুলিচৰ উপস্থিতিত পতাকাখন নমোৱা হ’ল যদিও ছৈয়দৰ মনত ভৱিষ্যতৰ অশান্ত পৰিস্থিতিৰ আশংকাই ঠাই ল’লে।

“মুছলমান ল’ৰা এজনে টিপু চুলতানক লৈ কেইদিনমান আগতে ষ্টেটাছ আপডেট এটা দিছিল,” মছজিদটোৰ ন্যাসৰক্ষী ছৈয়দে বুজাই কয়। “হিন্দুত্ববাদী গোটবোৰে ১৮শ শতিকাৰ মুছলমান শাসকজনক মহিমামণ্ডিত কৰাটো সহ্য কৰিব নোৱাৰিলে, সেয়ে তেওঁলোকে গাঁৱৰ মছজিদটো অপবিত্ৰ কৰি পোটক তুলিব বিচাৰিছিল।”

টিপু চুলতানৰ ষ্টেটাছ আপলোড কৰি অনুশোচনাত ভোগা ২০ বৰ্ষীয় সোহেইল পাঠানে কয়, “সেই ষ্টেটাছটো মই দিব নালাগিছিল, ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰিৰে মই পৰিয়ালটোকে বিপদ পেলাইছো।”

তেওঁৰ পোষ্টটো ভাইৰেল হোৱাৰ পিছত উগ্ৰ হিন্দুত্ববাদী দল এটাই তেওঁৰ কম পোহৰৰ এটা কোঠালীৰ ঘৰটোত আহি উপস্থিত হয় আৰু তেওঁক গালত প্ৰচণ্ড চৰ শোধায়। “আমি আৰু ওলোটাই একো নকৰিলো, পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিব পাৰে বুলি,” সোহেইলে কয়। “কিন্তু সেইটো এটা ইনষ্টাগ্ৰাম ষ্ট’ৰি আছিল মাত্ৰ। সিহঁতক মাত্ৰ মুছলমানক আক্ৰমণ কৰিবলৈ কাৰণ এটা লাগে।”

তেওঁক চৰিওৱাৰ দিনা ৰাতি পুলিচে হস্তক্ষেপ কৰিলে আৰু গোচৰ ৰুজু কৰিলে - সোহেইলৰ ওপৰত। তেওঁ ৰাতিটো আৰক্ষী থানাত কটাবলগীয়া হ’ল। সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অভিযোগত তেওঁৰ ওপৰত জিলা আদালতত গোচৰ চলি আছে। তেওঁক চৰিওৱা মানুহবোৰ মুকলিকৈ ঘুৰি ফুৰিছে।

সোহেইলৰ মাতৃ শ্বাহনাজ (৪৬)য়ে কয় যে তেওঁৰ পৰিয়ালটোৱে সাতাৰাত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বাস কৰি আহিছে, কিন্তু কেতিয়াও সামাজিক গণমাধ্যমত কিবা এটা ষ্টেটাছ দিয়াৰ বাবে এনেকৈ কাৰোবাক শাৰীৰিকভাৱে অপদস্থ কৰা আৰু শেন চকু ৰখাৰ ঘটনা দেখা নাই। “মোৰ মা-দেউতা আৰু ককাহঁতে বিভাজনৰ সময়ত এই মাটিতে থকাৰ সিদ্ধান্ত লৈছিল, আমি ধৰ্মনিৰপেক্ষ সংবিধানত বিশ্বাস ৰাখিছিলো,” তেওঁ কয়। “এয়া মোৰ মাটি, মোৰ গাওঁ, এইখন মোৰ ঘৰ। কিন্তু মোৰ সন্তানকেইটা কামলৈ ওলাই গ’লে মোৰ চিন্তা লাগি থাকে।”

PHOTO • Parth M.N.

সাতাৰাৰ কোণ্ডৱা গাঁৱৰ বাসিন্দা সোহেইল পাঠানে টিপু চুলতানক লৈ তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত ষ্টেটাছ এটা দিছিল, তাৰ পিছতে তেওঁৰ গাঁৱৰ মছজিদত আক্ৰমণ চলোৱা হয় আৰু তেওঁক ঘৰত আক্ৰমণ কৰা হয়

সোহেইলে তেওঁৰ ভায়েক আফটাব (২৪)ৰ লগত গেৰেজ এটাত কাম কৰে, ৱেল্ডাৰ হিচাপে। পৰিয়ালটোত তেওঁলোক দুজনেই একমাত্ৰ উপাৰ্জনকাৰী, মাহত ১৫ হাজাৰ টকা পায়। সোহেইলৰ বিৰুদ্ধে থকা এই তুচ্ছ গোচৰটোৰ বাবে সোহেইলৰ দুমাহৰ আয় গৈছে উকীলৰ ফীজ আৰু জামিন লওঁতে। “আমি কেনেকৈ থাকো আপুনি দেখিছেই,” শ্বাহনাজে তেওঁলোকৰ সৰু ঘৰটো দেখুৱাই কয়, ঘৰটোৰ বেৰত আফটাবৰ ৱেল্ডিং মেচিনটো আউজাই থোৱা আছে, ৰংবোৰ উৱলি গৈছে। “আদালতত পইচা খৰচ কৰিবলৈ আমাৰ সামৰ্থ্য নাই। ভাগ্যে গাঁৱৰ শান্তিৰক্ষা কমিটিয়ে আগবাঢ়ি আহিল আৰু পৰিস্থিতি শান্ত হৈ পৰিল।”

কোণ্ডৱেৰ শান্তিৰক্ষা সমিতিৰ বৰ্ষীয়ান সদস্য ৭১ বৰ্ষীয় কৃষক মধুকৰ নিম্বলকৰে কয় যে ২০১৪ত স্থাপন কৰাৰ পৰা এতিয়ালৈকে প্ৰথমবাৰৰ বাবে হস্তক্ষেপ কৰিবলগীয়া হৈছে। “গেৰুৱা পতাকা যিটো মছজিদত উৰুওৱা হৈছিল, আমি তাতেই সভাখন পাতিছিলো,” তেওঁ কয়। “দুয়োটা সম্প্ৰদায়ৰে সদস্যই লগ লাগি সিদ্ধান্ত লোৱা হয় যে বিষয়টো আৰু টানি থকা নহ’ব।”

আলোচনাখন মছজিদত ৰখাৰ এটা কাৰণ আছিল, নিম্বালকাৰে কয়। “মছজিদটোৰ সন্মুখতে থকা ঠাইখন হিন্দু লোকৰ বিবাহ বাহৰ হিচাপে বহুদিন ধৰি ব্যৱহাৰ কৰি অহা হৈছে,” তেওঁ বুজাই কয়. “আমি ইমান যুগ ধৰি এনেকৈয়ে যে থাকি আহিছো, তাকেই দেখুৱাবলৈ তাত মিটিংখন পতা হৈছিল।”

*****

২০২৪ৰ ২২ জানুৱাৰীত অযোদ্ধাত ৰাম লাল্লা মন্দিৰ উদঘাটন কৰা হয়। উচ্চতম ন্যায়ালয়ে ২০১৯ৰ নৱেম্বৰত সৰ্বসন্মতিক্ৰমে ৰায় দিয়ে যে অযোধ্যাত বহুবিতৰ্কিত ভূমিত ৰামমন্দিৰ নিৰ্মাণ হ’ব। চাৰিটা দশক আগতে বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত উগ্ৰ হিন্দুত্ববাদীয়ে য’ত বাবৰি মছজিদ ভাঙিছিল, সেই স্থানতে মন্দিৰ নিৰ্মাণ কৰা হৈছে।

তেতিয়াৰে পৰা বাবৰি মছজিদ ধ্বংস কৰাটো ভাৰতত মেৰুকৰণৰ অন্যতম আহিলা হৈ পৰিছে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে স্বীকাৰ কৰে যে বাবৰি মছজিদ ধ্বংস কৰাটো অসাংবিধানিক আছিল, কিন্তু সেই মাটিত মন্দিৰ তৈয়াৰ কৰাৰ বাবে দিয়া সেই ৰায়দানে শেষত গৈ সেই মছজিদ ভঙা দুষ্কৃতিকাৰীসকলক উদগনি যোগোৱাৰ দৰেই হ’ল। পৰ্যবেক্ষকসকলে কয় যে এই ৰায়দানৰ পিছত হিন্দুত্ববাদী উগ্ৰ গোটসমূহে মিডিয়াৰ আঁৰে আঁৰে গাঁৱে-ভূঞে গৈ মুছলমানসকলক উপাসনাস্থলী ধ্বংস কৰাৰ সাহস পায়।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

২০২৩ত গণপ্ৰহাৰত আহত পুত্ৰৰ ফটোখন দেখুৱাইছে নাচিমে। তেওঁ যি ঠাইত থাকে, বৰ্ধনগড়, তাত ধৰ্মীয় সহিষ্ণুতা আৰু ধৰ্মীয় মিলাপ্ৰীতিৰ ইতিহাস বহুত পুৰণি

মিনাজ ছৈয়দে কয়, ১৯৪৭ত স্বাধীনতাৰ সময়ত সম্প্ৰদায় নিৰ্বিশেষে ধৰ্মীয় স্থানৰ বিষয়ে নিৰ্বিবাদ স্থিতাৱস্থা বজাই ৰখাৰ বাবে এক সৰ্বজনগ্ৰাহ্য স্বীকৃতি গঢ়ি উঠিছিল। “উচ্চতম ন্যায়ালয়ৰ ৰায়ে সেই স্থিতি ভাঙি পেলালে,” তেওঁ কয়। “কাৰণ এই কাৰবাৰ কেৱল বাবৰিতে সীমাবদ্ধ হৈ নাথাকিল। হিন্দুত্ববাদী গোটবোৰে এতিয়া আন মছজিদতো আক্ৰমণ কৰিবলৈ লৈছে।”

সাতাৰাৰ বৰ্ধনগড় গাওঁ নিবাসী দৰ্জীৰ কাম কৰা ৬৯ বছৰীয়া হুছেইন শিকলগৰে স্পষ্ট এক প্ৰজন্মৰ ভেদাভেদ দেখিছে। “তৰুণ প্ৰজন্মক সম্পূৰ্ণৰূপে ব্ৰেইনৱাশ্ব কৰা হৈছে,” তেওঁ কয়। “আমাৰ বয়সৰ মানুহে পুৰণি দিনৰ কথা মনত পেলাই দুখ কৰে। বাবৰি মছজিদ ভাঙি পেলোৱাৰ পিছত মই ধৰ্মীয় মেৰুবিভাজন দেখিছো। আগতে এনেকুৱা উত্তেজনাৰ পৰিস্থিতি নাছিল। ১৯৯২ত মই এইখন গাঁৱৰ সৰপঞ্চ নিৰ্বাচিত হৈছিলো। এতিয়া নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক যেন লাগে।”

শিকলগৰৰ কথাত গভীৰতা আছে, কিয়নো তেওঁৰ গাঁৱৰ ধৰ্মীয় বহুত্ববাদৰ সংস্কৃতি বহু পুৰণি। বৰ্ধনগড় দুৰ্গৰ পাদদেশত অৱস্থিত বৰ্ধনগড় গাওঁ গোটেই মহাৰাষ্ট্ৰৰ ভক্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান। গাঁৱৰ এক হাবিতলীয়া ঠাইত পাঁচটি সমাধিসৌধ আৰু এটি মন্দিৰ গাতে গা লাগি আছে। হিন্দু আৰু মুছলমানে তাত একত্ৰিত হৈ উপাসনা কৰে। দুয়োটা সম্প্ৰদায় মিলি সেই উপাসনাস্থলী চোৱাচিতা কৰিছে, ২০২৩ৰ জুলাইৰ আগলৈকে।

বৰ্ধনগড়ত এতিয়া সমাধিসৌধৰ সংখ্যা চাৰিটা। ২০২৩ৰ জুনত “অজ্ঞাত পৰিচয়ধাৰী ব্যক্তিসকলে” পীৰ দা-উল মালিকৰ সৌধ, য’ত মুছলমানসকলে নিয়মিত উপাসনা কৰে, সেয়া ভাঙি চুৰমাৰ কৰি পেলায়। তেওঁলোকে কয় যে সেয়া বেআইনীভাৱে নিৰ্মাণ কৰা হৈছে। পাঁচটি সৌধৰ ভিতৰত সেইটো সৌধেই কিয় ভঙা হ’ল, তাক লৈ মুছলমান সমাজ ভাবি আচৰিত হয়।

PHOTO • Courtesy: Residents of Vardhangad

ধ্বংস কৰাৰ আগেয়ে বৰ্ধনগড়ৰ সেই সমাধিস্থল। সেই গাঁৱৰ মুছলমান বাসিন্দাসকলে কেৱল সেইটো সৌধকে কিয় বেদখল বুলি কোৱা হ’ল, সেই লৈ প্ৰশ্ন কৰে

“গাঁৱৰ মুছলমান সমাজক উত্তেজিত কৰাটো তেওঁলোকৰ উদ্দেশ্যে আছিল,” বৰ্ধনগড়ৰ বাসিন্দা ২১ বৰ্ষীয় ছাত্ৰ মহম্মদ ছাদে কয়। “সেই সময়তে মোকো ছ’চিয়েল মিডিয়াৰ পোষ্ট এটাৰ কাৰণে মানুহে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।”

ছাদৰ সম্পৰ্কীয় ভাই গাওঁখনৰ পৰা কেইঘণ্টামানৰ বাট দূৰত পুণেত থাকে। তেওঁ ১৭ শতিকাৰ মোগল শাসক ঔৰংজেৱক লৈ এক ইনষ্টাগ্ৰাম পোষ্ট দিছিল। পোষ্টটোক লৈ ক্ষুণ্ণ হৈ পৰা হিন্দুত্ব গোটৰ সদস্যসকলে ছাদৰ ঘৰত সেইদিনাই ৰাতি উপস্থিত হয় আৰু তেওঁক ঘৰৰ পৰা টানি চোঁচৰাই উলিয়াই আনে আৰু “ঔৰংজেবৰ বাচ্চা” বুলি গালিও পাৰি লোৰ ৰড আৰু হকি ষ্টিকেৰে কোবাবলৈ ধৰে।

“বহুৰাতি হৈছিল আৰু মই মৰি থাকিলোহেঁতেন,” ছাদে কয়। “ভাগ্যে সেই সময়ত পুলিচৰ গাড়ী এখন সেই ঠাইৰে পাৰ হ’ব ধৰিছিল। জাকটোৱে গাড়ী দেখা পাই পলাল।”

ছাদে তাৰপিছত ১৫ দিন হস্পিতালত কটাবলগীয়া হ’ল। তেওঁ মূৰত আঘাত পাইছিল, ভৰি আৰু হনুহাড় ভাগিছিল। কেবাদিনলৈ তেওঁ তেজবমি কৰিছিল। আজিও তেওঁ অকলে ভ্ৰমণ কৰিব নোৱাৰে। “কোনোবাই মোক টাৰ্গেট কৰি ল’ব যেন লাগে,” তেওঁ কয়। “পঢ়াতো মন লগাব নোৱাৰা হৈছো।”

ছাদে কম্পিউটাৰ বিজ্ঞানৰ স্নাতক ডিগ্ৰী পঢ়ি আছে। পঢ়াত তেওঁ ভাল, দ্বাদশ শ্ৰেণীত তেওঁ ৯৩ শতাংশ নম্বৰ পাইছে। কিন্তু শেহতীয়া কেইমাহমানত তেওঁৰ নম্বৰ কমি আহিছে। “মই হস্পিতালত ভৰ্তি হোৱাৰ তিনিদিন পিছত খুৰা হৃদৰোগত আক্ৰান্ত হয় আৰু প্ৰাণ হেৰুৱায়,” তেওঁ কয়। “তেওঁৰ বয়স ৭৫ বছৰ আছিল যদিও তেওঁ সুস্থ হৈ আছিল। তেওঁৰ হৃদৰোগজনিত সমস্যাও একো নাছিল। মানসিক চাপৰ বাবেই তেওঁ হৃদৰোগত আক্ৰান্ত হয়। তেওঁৰ বিষয়ে মই পাহৰিব নোৱাৰো।”

সেই ঘটনাৰ পিছৰ পৰা মুছলমান লোকসকলে অকলশৰীয়াকৈ থাকিবলৈ ল’লে, হিন্দু লোকৰ সংগ নোলোৱা হ’ল। গোটেই গাওঁখনৰ পৰিৱেশেই সলনি হৈ গ’ল। পুৰণি বন্ধুত্বৰ ডোল ছিগি গ’ল, সম্পৰ্কবোৰ হেৰাই গ’ল।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

বাওঁফালে: ‘গাঁৱৰ মুছলমানসকলক উত্তেজিত কৰাৰ সেয়া এক চেষ্টা আছিল,’ বৰ্ধনগড়ৰ বাসিন্দা, এগৰাকী ছাত্ৰ মহম্মদ ছাদে কয়। সোঁফালে: বৰ্ধনগড়ৰ এগৰাকী দৰ্জী হুছেইন শিকলগৰে কয, ‘মই জীৱনটো গোটেই গাওঁখনৰ বাবে কাপোৰ চিলাই কটাইছো। যোৱা কেইটামান বছৰত মোৰ দোকানত হিন্দু গ্ৰাহক কমিছে। আনৰ কথা শুনি নহা হৈছে নে কিবা খঙত নহা হৈছে, নাজানো’

শিকলগড়ে কয় যে এয়া কেৱল দুটা মাত্ৰ ঘটনা নহয়। দৈনন্দিন জীৱনতো এৰাই চলা স্পষ্ট দেখা গৈছে।

“মই এগৰাকী দৰ্জী,” তেওঁ কয়। “গোটেই গাওঁখনৰ বাবে জীৱনটো কাপোৰ চিলাইছো। যোৱা কেইটামান বছৰৰ পৰা মোৰ তাত হিন্দু গ্ৰাহক নহা হ’ল। খঙতে নহা হ’ল নে আনে কোৱাৰ বাবে, নাজানো।”

ভাষা সলনি হৈ পৰিছে যদিও তেওঁ কয়, “লাণ্ড্যা বুলি আগতে কোৱা শুনা নাছিলো,” তেওঁ কয়। এইটো মুছলমানসকলক গালি পাৰিবলৈ ব্যৱহাৰ কৰা শব্দ। “কিন্তু আজিকালি প্ৰায়ে শুনিবলৈ পাওঁ। হিন্দু-মুছলমানে ইজনে সিজনৰ চকুলৈ চাবলৈ এৰিছে।”

পশ্চিম মহাৰাষ্ট্ৰ, সাতাৰ জিলাখন য’ত অৱস্থিত, সেই অঞ্চলৰ বৰ্ধনগড়ো কোনো ব্যতিক্ৰম নহয়। গাঁৱে গাঁৱে বিভেদৰ আঁহ ফলা হৈছে, সাম্প্ৰদায়িক হিংসাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে। গ্ৰামাঞ্চলত উৎসৱ-পাৰ্বণ আৰু বিয়া-সবাহৰ ৰেহ-ৰূপেই সলনি হৈ গৈছে।

শিকলগড়ে কয় যে তেওঁ আগতে বৰ্ধনগড়ত হিন্দু গণেশ পূজা উদযাপনত আগভাগ লৈছিল। হিন্দুসকলেও সন্ত মহিনুদ্দিন চিস্তিৰ মৃত্যুদিৱসৰ স্মৰণত উদযাপিত উৰচ উৎসৱত হিন্দুসকলেও যোগ দিছিল। গাঁৱৰ বিয়া-সবাহত সকলোৱে মিলি-জুলি আনন্দ-ফুৰ্তি কৰে। “সেই সকলো এতিয়া হেৰাই গ’ল,” দুখ কৰি শিকলগৰে কয়। “এটা সময় আছিল যেতিয়া মছজিদৰ সন্মুখেৰে ৰামনৱমীৰ শোভাযাত্ৰা গ’লে বাজনা আদি বন্ধ কৰি সন্মান যঁচা হৈছিল। কিন্তু এতিয়া ফুল ভলিউমত গান লগাই আমাক বিব্ৰত কৰি তোলাৰ চেষ্টা চলোৱা হয়।”

তথাপিও দুই সম্প্ৰদায়ৰ বহুসংখ্যকে এতিয়াও বিশ্বাস কৰে যে সকলো শেষ হৈ যোৱা নাই। দুই ধৰ্মৰ মাজত বিভেদৰ বীজ সিচিবলৈ যত্ন কৰা সেইসকল লোকে সংখ্যাগুৰু লোকৰ মনোভাৱ প্ৰতিফলিত নকৰে। “সিহঁতে গল ফালি চিঞৰে, মূৰত চৰকাৰৰ হাত আছে, সেয়ে সিহঁতৰ সংখ্যা বহুত যেন লাগে,” মালগাওঁৰ যাদৱে কয়। “বেছিভাগ মানুহেই বিতৰ্ক এৰাই শান্তিত থাকিব বিচাৰে, সেই কাৰণেই হিন্দুসকলে মুখ খুলি কোৱাৰ সাহস কৰা নাই। এই পৰিস্থিতিৰ সলনি হোৱা দৰকাৰ।”

যাদৱে বিশ্বাস কৰে যে গোটেই মহাৰাষ্ট্ৰখন নহ’লেও সাতাৰ জিলাৰ বাবে এক নিদৰ্শন হৈ উঠিব পাৰে মালগাওঁ। “হিন্দুৱে দৰগাহ বচাবলৈ আগবাঢ়ি অহাত সেই উগ্ৰপন্থাধাৰীসকল পিছুৱাই গ’ল,” তেওঁ জোৰ দি কথাষাৰ কয়। “ধৰ্মীয় বহুত্ববাদ ৰক্ষাৰ দায়িত্ব আমাৰ ওপৰত, মুছলমানসকলৰ ওপৰত নহয়। আমি নীৰৱে থাকিলে অসামাজিক উপাদানবোৰ সবল হৈ উঠে।”

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das